বোকাজানঃ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত তথা বন বিভাগৰ ডকমকা ৰেঞ্জৰ অধীনস্থ বকলীয়াঘাট বীট কাৰ্যালয়ৰ অন্তৰ্গত টিককলাংছ’ নামৰ পাহাৰীয়া এলেকাটোত বনৰীয়া হাতীৰ আক্ৰমণত এহাল দম্পতীয়ে সকৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।
ঘটনাৰ বিৱৰণ অনুসৰি টিককলাংছ’ৰ কেহাই কে আপ গাঁৱৰ নিবাসী চাৰবুঢ়া মিলিক (৪০) আৰু তেওঁৰ পত্নী ফুডাং কে আ পী (৩৭) সমীপৰ পাহাৰত থকা ঝুমতলীত বাস কৰিছিল। এনেতে যোৱানিশা উক্ত স্থানত আহি উপস্থিত হোৱা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দম্পতীহালৰ ভঁৰালৰ সাঁচতীয়া ধান খায়েই ক্ষান্ত নাথাকি দম্পতীহালৰ ঝুমতলীত থকা আৱাসগৃহটো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে দুৰ্ভগীয়া দম্পতীহালকো গচকি হত্যা কৰে। বন বিভাগৰ লোক আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।