বোকাজানঃ সমাজৰ দৰিদ্ৰ-গৃহহাৰাসকলৰ বাবে নিৰাপদ আৱাসৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ৰূপায়ন কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামতো একাংশ দালালে দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংত।
সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাৰ বকলীয়াঘাট আঞ্চলিক সমিতিয়ে মঙলবাৰে বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষক প্ৰদান কৰা এক স্মাৰকপত্ৰত এই কথা উল্লেখ কৰি কয় যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ নামত একাংশ দালালে দৰিদ্ৰ লোকৰ পৰা ৩হাজাৰকৈ টকা সংগ্ৰহ কৰি আহিছে।
সংগঠনটোৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে সুভাষ কিলিং আৰু মিতিশ গুপ্তা স্বাক্ষৰিত স্মাৰকপত্ৰ যোগে বকলীয়াঘাট নগৰ এলেকাত চলি থকা এনে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে।