বোকাজানঃ বৃহস্পতিবাৰে পুৱাই কাৰ্বি আংলঙৰ বকলীয়াঘাটত এটা লতামাকৰি উদ্ধাৰ কৰা হয়। পুৱা প্ৰায় ৮-৩০ বজাত বকলীয়াঘাটৰ হাতীপুৰা গাঁৱৰ ৰাইজে যমুনা নৈৰ বুকুত উটি অহা অৱস্থাত লতামাকৰিটো উদ্ধাৰ কৰি বন বিভাগৰ বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জৰ কাৰ্যালয়ত খবৰ দিয়ে। বনকৰ্মীৰ দলে লগে লগে লতামাকৰিটো পানীৰ সোঁতৰ পাৰ উদ্ধাৰ কৰি মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে। লতামাকৰিটো মাৰাত লংৰি অভয়াৰণ্যৰ পৰা নৈত পৰি উটি অহাৰ সন্দেহ কৰা হৈছে।