লক্ষ্ণৌঃ কৰ’নাত আক্ৰান্ত হোৱাৰ দুখত আত্মহত্যা। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। বৰেলীৰ মেডিকেল কলেজ হাস্পতালত কৰ’নাত আক্ৰান্ত হৈ থকা সমাজবাদী পাৰ্টিৰ এগৰাকী নেতাই হাস্পতালৰ পৰা পলাই গৈ এখন উৰণীয় সেতুঁৰ পৰা জপিয়াই আত্মহত্যা কৰে।
আৰক্ষীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, দেওবাৰে নিশা এই আত্মহত্যাৰ ঘটনা সংঘটিত হয়। আত্মহত্যা কৰা সমাজবাদী পাৰ্টিৰ নেতাজন হৈছে ৰমেন জহৰী। পুৱা নেতাজনক উদ্ধাৰ কৰি আৰক্ষীয়ে হস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।