ডিজিটেল ডেস্কঃ বিজেপিয়ে ফেচবুক আৰু হোৱাটছএপক নিয়ন্ত্ৰণ কৰা বুলি পুনৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে৷ বিগত কেইবাটাও দিন ধৰি কংগ্ৰেছ দলৰ নেতাই ফেচবুক, হোৱাটছএপক শাসকীয় দল বিজেপিয়ে নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷
মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ টাইম মেগাজিনত প্ৰকাশিত এটা খবৰ শ্বেয়াৰ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে টুইট কৰি ফেচবুক-হোৱাটছএপ বিজেপি দলে নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে এইবাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদৰ কে চি বেনুগোপালে ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গক এখন পত্ৰ লিখি ফেচবুক ইণ্ডিয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷
ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গক ৱাল্ড ষ্টিট জাৰ্নালত প্ৰকাশিত এই সন্দৰ্ভৰ এটা প্ৰতিবেদনৰ কথা উল্লেখ কৰা হৈছে৷ কংগ্ৰেছে ফেচবুক ইণ্ডিয়াত কৰ্মৰত কাৰ্যবাহীসকলে বিজেপি নেতাৰ বিদ্বেষ ৰোধ আইন প্ৰয়োগ নকৰাৰ লগতে এই আইন প্ৰয়োগত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে ফেচবুকৰ বিৰুদ্ধে৷ ৱাল্ড ষ্টিট জাৰ্নালত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছিল যে গেৰুৱা শিবিৰৰ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে ভাৰতত ফেচবুকৰ ব্যৱসায়ত ক্ষতি হ’ব৷ এই কথা ফেচবুক ইণ্ডিয়াৰ বিষয়াই কৰ্মচাৰীক কৈ সতৰ্ক কৰি দিয়া বুলিও প্ৰকাশ পাইছে৷