নগাঁওঃ নগাঁৱৰ জাজৰিত আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুবৰণ কৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা প্ৰাক্তন আছু নেতা ফণীধৰ বৰাৰ বাসগৃহত আজি দুই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু গৌতম বৰাক লগত লৈ উপস্থিত হয় কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈ৷ সাংসদগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জনাই ফণীধৰ বৰাৰ পত্নী নিৰ্মালি বৰাক ব্যক্তিগতভাবে আৰ্থিক সাহায্য প্ৰদান কৰে৷ তেওঁ চৰকাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ ভৱিষ্যত সুৰক্ষিত ৰখাৰ বাবে পৰিয়ালটোৰ এজনক এটা স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক দাবী জনোৱাৰ আশ্বাস দি ফণীধৰ বৰাৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ যোগেদি চলাৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়। উক্ত স্থানতে সাংবাদিকৰ লগত হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে বাঘজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ডৰ বাবে অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে যি সময়ত অসম চৰকাৰৰ মন্ত্ৰীসকলে অসমৰ ৰাইজৰ হৈ মাত মাতিব লাগিছিল, ঠিক সেই সময়ত তেওঁলোকে অইল ইণ্ডিয়াক ৰক্ষণাবেক্ষণ দিয়া বাবে উঠি পৰি লাগি তৰল মন্তব্যহে আগবঢ়াইছে। বিশেষকৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাঘজানত দিয়া মন্তব্যক টুলুঙা আখ্যা দি সাংসদগৰাকীয়ে বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলক তৎকালীনভাৱে এক লাখ টকা আগবঢ়াবলৈ অসম চৰকাৰক দাবী জনায়। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে বাঘজানৰ ঘটনাক গুৰুত্ব নিদিয়াৰ বাবেই অইল ইণ্ডিয়াইও এনে ঘটনাক গুৰুত্ব দিয়া নাই বুলি গুৰুত্বৰ অভিযোগ তুলি সাংসদগৰাকীয়ে অইল ইণ্ডিয়াৰ এনে কাৰ্যক গৰিহণা দিয়ে। এই কাৰ্যসূচীত সাংসদ গৌৰব গগৈ আৰু দুই প্ৰাক্তন মন্ত্ৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা শিৱানী বৰা, ইক্ৰাম হুছেইন লস্কৰ, মনোৰঞ্জন বৰাকে ধৰি কেবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে৷