জয়ন্ত মুদৈ, বেবেজীয়াঃ আজিৰ তাৰিখতো জীয়াই আছে মানৱতা। তাৰেই নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ জুৰীয়াৰ বিশিষ্ট সমাজকর্মী ইলিয়াছ ৰহমত উল্লাই৷ আচলতে, বুকুত মাতৃক হেৰুওৱাৰ বেদনা লৈ জুৰীয়াৰ তেলিয়া গাৱঁৰ কংকন জ্যোতি বৰা নামৰ এজন ছাত্ৰই অৱতীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। জানিব পৰা মতে, পৰ্বেই পিতৃক হেৰুওৱা ছাত্ৰজনৰ মাতৃৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলি থকা সময়তে বিয়োগ ঘটে। ছাত্ৰজনৰ এনে দুৰ্যোগৰ সময়ত স্থানীয় গাঁও বাসীয়ে তেওঁৰ কাষত থিয় দি সহায়-সহযোগিতা আগবঢ়াই অহাৰ সময়তে আজি জুৰীয়াৰ বিশিষ্ট সমাজকর্মী ইলিয়াছ ৰহমত উল্লাই কংকন জ্যোতিৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃহীনা ছাত্ৰজনৰ দুখত সমভাগী হৈ কিছু ফল মূল, খাদ্য-সামগ্ৰী, ধূতি, চেলেং, গামোচা আদি প্ৰদান কৰি ছাত্ৰজনৰ মনোবল বৃদ্ধি কৰাৰ লগতে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। উল্লেখ্য যে, সৰবৰহী শিক্ষিত যুৱক ইলিয়াছ ৰহমত উল্লাই বিগত সময়ছোৱাত নগাঁও জিলাৰ বহু নিৰ্যাতিত, নিপীড়িত, অসহায় পৰিয়ালক সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়াই আহিছে।