গুৱাহাটীঃ ব্যাপক জল্পনা-কল্পনাৰ অন্তত আজি পুৱা ৯ বজাত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ৰাজ্যৰ শিক্ষা বিভাগে৷ ইতিমধ্যে ১৪টাকৈ ৱেবছাইট যোগে ফলাফল সমূহ ঘোষণা কৰাৰ লগতে ফলাফলৰ পিডিএফ ফাইল, বুকলেট যোগান ধৰিছে উচ্চ মাধ্যমিক শিক্ষা সংসদে৷ এইবেলি পৰীক্ষাত সৰ্বমুঠ ২,২১,৭৫৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ইয়াৰে সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪৮২৭৮ গৰাকীয়ে৷ দ্বিতীয় বিভাগত ৭৭৮৫০গৰাকী আৰু তৃতীয় বিভাগত ৯৫৮২৯গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। এইবেলি উত্তীৰ্ণৰ হাৰ হৈছে ৬৪.৮০শতাংশ।
আহোমৰ ৰাজধানী শিৱসাগৰ জিলা আছে উত্তীৰ্ণৰ শীৰ্ষ স্থানত৷ ৮৩.৯২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে শিৱসাগৰ জিলাত৷ একেবাৰে নিম্নত আছে ধুবুৰী জিলা৷ ৪৪.২০ শতাংশৰে সৰ্বনিম্ন প্ৰদৰ্শন ধুবুৰী জিলাৰ।