ডিজটেল ডেস্কঃ শ্ৰীলংকাত অব্যাহত আছে গণ প্ৰতিবাদ। বুধবাৰে পুৱাৰ ভাগৰ পৰা জৰুৰী অৱস্থা ঘোষণা কৰিছে শ্ৰীলংকাত। প্ৰধানমন্ত্ৰী বাসভৱন সেনাই ঘেৰাও কৰি ৰাখিছে। ৰাষ্ট্ৰপতিৰ বাসভৱনৰ দখল কৰাৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ দিশে আগবাঢ়িছে ক্ষুব্ধ জনতা। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেৰ পদত্যাগ দাবী কৰে আৰু প্ৰধানমন্ত্ৰী বাসগৃহৰ দিশে প্ৰতিবাদকাৰীসকল অগ্ৰসৰ হ’য়। প্ৰধানমন্ত্ৰী মালদ্বীপলৈ পলায়ন কৰাৰ বাতৰিৰ পিছতেই বুধবাৰে পুৱাৰ পৰা দ্বীপপুঞ্জটোত উত্তেজনা বৃদ্ধি পায়। প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে। ৰাষ্ট্ৰপতি ৰাজপাক্ষেই পৰিবাৰ আৰু নিৰাপত্তাৰক্ষীসহ সেনাবাহিনীৰ বিমানত মঙলবাৰে নিশা পলায়নৰ বাতৰি প্ৰকাশ হৈছে। ৰাষ্ট্ৰপতিজনৰ ভাতৃ প্ৰাক্তন বৃত্তমন্ত্ৰী বছিল ৰাজপাক্ষেইও ইতিমধ্যেই দেশ এৰি পলায়ন কৰে।
ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেই বুধবাৰৰ ভিতৰত পদত্যাগ কৰি ক্ষমতা হস্তান্তৰ কৰিব বুলি ঘোষণা কৰিছিল আৰু অহা ২০ জুলাইত সৰ্বদলীয় বৈঠকে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰাৰ কথা আছিল। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ পলায়নে সাধাৰণ জনতাক অধিক উত্তেজিত কৰিছে।