আৰক্ষী থানাত উত্তেজিত লোকে আক্ৰমণ কৰি অগ্নিসংযোগ কৰাৰ পিছতে অসম আৰক্ষীয়ে নগাঁৱৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰি তাৎক্ষণিক নিৰ্দেশ প্ৰদান কৰিছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী কুমুদ গগৈক নিলম্বন কৰিছে৷ বটদ্ৰৱা আৰক্ষী থানাত সৃষ্টি হোৱা লংকা কাণ্ডৰ পিছতেই গগৈক নিলম্বন কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ লগতে আৰক্ষীৰ সন্মুখতে একাংশ লোকে তাণ্ডৱ চলাই থকাৰ পিছতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক পদৰ পৰা আঁতৰ কৰে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। আৰক্ষী থানাত আক্ৰমণ কৰা কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। উপ-পৰিদৰ্শকসহ কনিষ্ঠ বল সকলোকে বদলিৰ নিৰ্দেশ। উপ-পৰিদৰ্শক চিৰঞ্জিত লাহনক বটদ্ৰবাত নিযুক্তি৷