মঙলদৈঃ নাৰকীয়, জঘন্য আৰু বৰ্বৰ৷ যাক বৰ্ণনা কৰিব নোৱাৰি৷ তেনে কাণ্ড হয়তো আদিম যুগতো সংঘটিত হোৱা নাছিল৷ জীৱ শ্ৰেষ্ঠ মানৱ সমাজৰ একাংশ লোক কিমান হিংস্ৰ হৈ গৈছে সমাজত সংঘটিত হৈ অহা দুই-এক ঘটনাই তাক প্ৰমাণ কৰি আহিছে৷ দৰং জিলাৰ কুৰুৱাত এজন লোকক প্ৰথমে হত্যা আৰু তাৰ পিছতে ৭ টুকুৰা কৰি বস্তাত ভৰাই পাহাৰত পুতি থোৱাৰ ঘটনাই জীৱ শ্ৰেষ্ঠ মানৱ কিমান হিংস্ৰ হৈ গৈছে তাৰ প্ৰমাণ পোৱা গৈছে৷ মানৱতা, মৰম, ভালপোৱা, ভয়, পাপ এইবোৰক কেয়াৰ নকৰি এতিয়া কোনো লোক শত্ৰু হলেই কাটি টুকুৰা-টুকুৰ কৰিব পৰা হ’ল৷ এইখন অসম মূলকতে এতিয়া মানুহে মানুহক ৭ টুকুৰা কৰি পুতি থব পৰা হ’ল৷ যিখন অসমত মানুহে মানুহক আদৰ কৰাৰ সংস্কৃতি আছে৷
দৰঙৰ কুৰুৱাত শনিবাৰে পাহাৰৰ গাতত উদ্ধাৰ হৈছিল ২৬ বছৰীয়া যুৱকৰ মৃতদেহ৷ পাহাৰত দুখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷ তাৰ পিছতে আৰক্ষীৰ উপস্থিতিত যেতিয়া গাত খান্দি মৃতদেহ উদ্ধাৰ কৰা হৈছিল তাৰ পিছৰ দৃশ্য আছিল ভয়াবহ৷ যুৱকজনক হত্যা কৰি শৰীৰ ৭টা ভাগ কৰিছিল৷ শৰীৰৰ সাত টুকুৰা বস্তাত ভৰাই পুতি থৈছিল৷ এনেদৰে টুকুৰা কৰা হৈছিল যেন কচাইখানাত জন্তু বধ কৰা হৈছিল৷
হত্যাকাৰীয়ে ৭ টুকুৰা কৰি বস্তাত ভৰাই পুতি থোৱা কুৰুৱাৰ যুৱকজনৰ নাম আছিল টেগ বাহাদুৰ চাৰ্কি৷ কুৰুৱাৰ বৰ্মনপাৰাৰ ২৬ বছৰীয়া চাৰ্কি আছিল পেচাত পাচলি ব্যৱসায়ী৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল চাৰ্কি৷ পৰিয়ালে বিচাৰ-খোচাৰ কৰি কোনো সন্ধান নোপোৱাত আৰক্ষীৰ ওচৰ চাপে৷ তাৰ লগতে শনিবাৰে স্থানীয় ৰাইজে গাঁওবুঢ়াৰ নেতৃত্বত পাহাৰৰ জংঘলত বিচাৰি-খোচাৰ কৰে৷
অৱশেষত স্থানীয় ৰাইজে পাহাৰত দুখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰে৷ তাৰ পিছতেই আৰক্ষীক খবৰ দিয়া হয়৷ ছিপাঝাৰ আৰক্ষীৰ এটা দলে টেগ বাহাদুৰ চাৰ্কিৰ মৃতদেহ গাত খান্দি উলিয়াই৷ মৃতদেহ বস্তাত ভৰাই ৭ টুকুৰা কৰিছিল৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে হত্যাকাণ্ডৰ সৈতে জড়িত লোকক ধৰিবলৈ অভিযান আৰম্ভ কৰিছে৷ আনহাতে স্থানীয় ৰাইজে পূৰ্বৰ ঘটনাক সাক্ষী কৰি টেগ বাহাদুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে একেটা এলেকাৰ তিনি ভাতৃ দীপক চাৰ্কি, ধ্ৰুৱ চাৰ্কি আৰু গোপাল চাৰ্কিৰ বিৰুদ্ধে৷ তিনিওজন লোক বৰ্তমান পলাতক বুলি ৰাইজে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, পৰকীয়া প্ৰেমৰ পৰিণতিত এই নাৰকীয় হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে৷ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে ৰাইজে৷