March 29, 2023, 7:13 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

প্ৰয়াত অশ্বিনী চেতিয়াৰ দুই ভাতৃ-দুই আৰক্ষী বিষয়াসহ শিৱসাগৰত ৮ ক’ৰোনা পজিটিভ

Reporter Name
  • Update Time : Monday, July 13, 2020
  • 98 Time View

শিৱসাগৰঃ ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাত বৃদ্ধি হৈছে ক’ৰোনা ৰোগীৰ সংখ্যা৷ জিলাখনত নিতৌ ক’ৰোনা ৰোগী ধৰাৰ পৰাৰ ফলত গণ সংক্ৰমণ হোৱা বুলি আশংকা কৰা হৈছে৷ তাৰ মাজতে জিলাখনত পুনৰ ৮ জনকৈ লোক কোভিড পজিটিভ ধৰা পৰিছে৷

দেওবাৰে নিশা স্বাব টেষ্টৰ ফলাফলত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়া, এজন সহকাৰী পৰিদৰ্শক কোভিড পজিটিভ ধৰা পৰিছে। আনহাতে, ৰাবিয়া খাটুন (৫৫), নৱ কুমাৰ দাস (৫৩), সন্তোষ ঠাকুৰ (২৯), চাহিদ ইমাম(৩৯), বাবুলী বাচফৰ (৩৬), অনল কুমাৰ বেথেল (৪৯), মূকুল চেতিয়া (৫০), প্ৰশান্ত চেতিয়া (৪২) ক’ৰোনা পজিটিভ ধৰা পৰিছে।

নৱ কুমাৰ দাস শিৱসাগৰ সদৰ আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক হোৱাৰ বিপৰীতে মুকুল চেতিয়া আৰু প্ৰশান্ত চেতিয়া বিজেপিৰ সদ্যপ্ৰয়াত যুৱনেতা অশ্বিনী চেতিয়াৰ ভাতৃ। প্ৰয়াত অশ্বিনী চেতিয়াৰ দুই ভাতৃ কোভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছত চেতিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা সকলোৰে নমুনা পৰীক্ষা কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, চেতিয়াৰ ঘৰলৈ উক্ত দিনা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীকে ধৰি বহু গণ্য-মান্য লোক উপস্থিত আছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে