ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সংবাদ মাধ্যমত এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, টেছলাৰ স্বত্তাধিকাৰী এলন মাস্কে গুগলৰ সহ-প্ৰতিষ্ঠাপক চাৰ্গে ব্ৰিনৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ পাইছিল৷ এই বাতৰি প্ৰকাশৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টেছলাৰ স্বত্তাধিকাৰীৰজনে৷ টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে গুগলৰ সহ-প্ৰতিষ্ঠাপক আৰু কোটিপতি চাৰ্গে ব্ৰিনৰ পত্নী নিক’ল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা বাতৰিত প্ৰকাশ পোৱাৰ পিছতেই সংবাদমাধ্যমৰ এনে বাতৰিৰ পৰিৱৰ্তে সোমবাৰে মাস্কে নিকলছানাহানৰ সৈতে সম্পৰ্ক থকাৰ কথাটো অস্বীকাৰ কৰিছে৷
” ৱাল ষ্ট্ৰীট জাৰ্নেল বা WSJৰ এক প্ৰতিবেদনৰ উত্তৰত মাস্কে টুইট কৰিছিল, য’ত কোৱা হৈছিল যে শ্বানাহানৰ সৈতে তেওঁৰ সম্পৰ্ক আছে বুলি অভিযোগ কৰা হৈছে। WSJৰ প্ৰতিবেদন খনত কোৱা হৈছে যে প্ৰেমৰ আগলৈকে মাস্ক আৰু ব্ৰিন ঘনিষ্ঠ বন্ধু আছিল৷