ডিজিটেল ডেস্কঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যুৱকে গুলীয়াই হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰীক। উত্তৰ প্ৰদেশৰ ভাদোহীত বুধবাৰে সংঘটিত হয় এই লোমহৰ্ষক ঘটনা। মৃত নাবালিকাগৰাকীৰ নাম অনুৰাধা বিন্দ। বুধবাৰে কনিষ্ঠ ভগ্নী নিশাৰ সৈতে কোচিং ইনষ্টিটিউটৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে অনুৰাধাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত যুৱকজনৰ নাম অৰবিন্দ বিশ্বকৰ্মা।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ২২ বছৰীয়া অৰবিন্দে অলপতে অনুৰাধাক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু অনুৰাধাই অৰবিন্দৰ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰে। ইয়াৰ পিছত অৰবিন্দৰ খং উঠে আৰু অনুৰাধাক হত্যা কৰাৰ ভাবুকি দিয়ে।
আৰক্ষী অধীক্ষক অনিল কুমাৰে জনোৱা মতে, বুধবাৰে সন্ধিয়া অনুৰাধা কোচিঙৰ পৰা উভতি অহাৰ পথত অৰবিন্দই বন্দুক লৈ অপেক্ষা কৰি আছিল। অনুৰাধাক দেখি অৰবিন্দে সন্মুখৰ পৰা কিশোৰীগৰাকীৰ মূৰত গুলীয়াই তাৰ পৰা পলায়ন কৰে। অনুৰাধাৰ থিতাতে মৃত্যু ঘটে।
আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।