নিউজ ডেস্কঃ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মহাপ্ৰয়াণত ৭ দিনীয়াকৈ পালন কৰা হ’ব ৰাষ্ট্ৰীয় শোক। বিগত ১০ আগষ্টৰ পৰা দিল্লীস্থিত সেনা হাস্পতালত চিকিৎসাধীন হৈ আছিল ২০১২ চনত দেশৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। পুত্ৰ অভিজিত মুখাৰ্জীয়ে টুইটযোগে এই শোকবাৰ্তা সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ছোনিয়া গান্ধীৰ লগতে দেশৰ আগশাৰীৰ নেতা-ৰাজনীতিকে শোক প্ৰকাশ কৰে ৮৪ বছৰ বয়সত এক বৰ্ণিল যাত্ৰাৰ অন্ত পেলোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত টুইটযোগে শোকপ্ৰকাশ কৰে।