বিশ্বনাথঃ ৰাজ্যৰ এগৰাকী বিশিষ্ট অভিনেতা, চলচিত্ৰ নিৰ্মাতা তথা প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ ৭০ বছৰৰ বয়সত মৃত্যু হয়৷ কৈৰীৰ দেওবাৰে নিশা গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হস্পিতাল ডাউন-টাউনত হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ বিশ্বনাথ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক পদ্ম কৈৰীয়ে ১৯৮৫ চনত বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দি জয়ী হৈছিল৷ বিধানসভাত চাহ জনগোষ্ঠীৰ লগতে নিজ সমষ্টিৰ বিভিন্ন সমস্যা ডাঙি ধৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল৷
বিশ্বনাথ চাৰিআলিৰ সাধাৰু চাহ বাগিছাৰ বাসিন্দা পদ্ম কৈৰী ৰাজনীতিৰ সৈতে জড়িত থকাৰ লগতে এজন কথাছবি নিৰ্মাতা আৰু চিত্ৰ-পৰিচালক আছিল। পদ্ম কৈৰীয়ে অনুতাপ’ নামৰ বোলছবিৰ জড়িয়তে বোল ছবি জগতত প্ৰৱেশ কৰিছিল। কৈৰীয়ে ইয়াৰ পাছত ৰতনলাল’ ছবিত সুন্দৰ অভিনয় কৰিছিল। পিছিত তেওঁ ‘বুধু-অৰ্জুন’ আৰু ‘মা’ নামৰ দুখনকৈ কথাছবি নিৰ্মাণ কৰিছিল।
গুৱাহাটি দূৰদৰ্শন কেন্দ্ৰৰ বাবে নিৰ্মাণ কৰা ধাৰাবাহিক ‘চিৰিজ’ অতি জনপ্ৰিয় আছিল। পত্নী লিলি কৈৰী আৰু পুত্ৰ-কন্যা অভিনয় জগতৰ সৈতে জড়িত। চাহ বাগিচাত জন্ম আৰু জীৱন অতিবাহিত কৰি নিজকে এজন চলচিত্ৰ পৰিচালক হিচাপে গঢ়ি তুলিবলৈ কঠোৰ শ্ৰম কৰিছিল। বিশ্বনাথ চাৰিআলি বিধান সভা সমষ্টিৰ পৰা ৰাইজৰ প্ৰতিনধি হিচাপেও বিধানসভাৰ মজিয়াত দায়িত্ব পালন কৰিছিল৷
অসমীয়া চলচিত্ৰ জগতৰ প্ৰতিষ্ঠিত শিল্পী পদ্ম কৈৰীৰ মৃত্যত দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷