March 30, 2023, 9:14 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

প্ৰাক্তন ছাত্ৰ নেতা হবিবুৰ ৰহমানৰ (দুলু) বিয়োগত শোক প্ৰকাশ

Reporter Name
  • Update Time : Friday, July 17, 2020
  • 200 Time View

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ইছলামপুৰ নিবাসী প্ৰাক্তন ছাত্ৰ নেতা, বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হবিবুৰ ৰহমানে (দুলু) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা ৯ বাজি ১৫ মিনিটত মৃত্যুক আকোৱালি লয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ৷ শুকুৰবাৰে মহানগৰীৰ উলুবাৰীস্থিত কৱৰস্থানত ৰহমানৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

ছাত্ৰ অৱস্থাৰ পৰাই হবিবুৰ ৰহমানে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ লগতে জড়িত থকৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল৷ তেওঁ উলুবাৰী কৱৰস্থান সমিতিৰো বিষয়-ববীয়া আছিল৷ ‘সতীৰ্থ গুৱাহাটী’ৰ সভাপতি মহেন্দ্ৰ গগৈ, সাধাৰণ সম্পাদকদ্বয় কৰেন্দ্ৰ কলিতা আৰু প্ৰিন্স ফাইজুল হকে হবিবুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷

সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁলোকৰ প্ৰাক্তন নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷

আনহাতে প্ৰাক্তন আছু নেতা, অসম আন্দোলনকাৰী তথা অধিবক্তা নেকিবুৰ জামান আৰু প্ৰাক্তন আছু নেতা নুৰুল হকে হবিবুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰাক্তন সতীৰ্থগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ হবিবুৰ ৰহমানৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে