৬০ উৰ্ধৰ এগৰাকী যুৱতীৰৈ সৈতে পুনৰ বিয়াত বহাৰ খবৰৰ বাবে চৰ্চালৈ আহিছে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ৷ ৬৬ বছৰীয়া ভাৰতীয় ক্ৰিকেটাৰ অৰুণ লালে পুনৰ বিয়াত বহিবলৈ সাজু হৈছে৷ অহা ২ মে’ত দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অৰুণ লাল। বিগত কেইবাটাও বছৰ ধৰি প্ৰেম কৰি থকা প্ৰেয়সি বুলবুল চাহাৰ সৈতে বিয়াত বহিব অৰুণ লাল৷ ৩৭ বছৰীয়া বুলবুল চাহাই দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত ২ মে’ত পশ্চিমবংগৰ কলকাতাত বিয়াত বহিব অৰুণ ললাল সৈতে৷ অৰুণ লাল আৰু বুলবুলৰ পূৰ্বেই বাগদান সম্পন্ন হৈছে কেৱল সামাজিকভাৱে ২ মে’ত পশ্চিমবংগৰ কলকাতাত বিয়াত বহিব।শেহতীয়াকৈ অৰুণ লালৰ বিয়াক লৈ সংবাদ মাধ্যমৰ সমানে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে৷ প্ৰথমা পত্নী জীৱিত যদিও পুনৰ বিবাহপাশত আবদ্ধ হ’ব এসময়ৰ দুৰ্দান্ত ক্ৰিকেটাৰগৰাকীয়ে৷ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীসহ একালৰ সতীৰ্থসকল বিয়াত উপস্থিত থাকিব৷ জানিব পোৱা মতে, প্ৰথমা পত্নী বিভিন্ন ৰোগত আক্ৰান্ত হৈ শয্যাগত৷ বুলবুলে চাহাক যাৰ বাবে বিয়া কৰিবলৈ সাজু। দ্বিতীয় পত্নী বুলবুলে প্ৰথমা পত্নীৰ চোৱা চিতা কৰিব। অৰুণ লালে ৮০ৰ দশকৰ জনপ্ৰিয় ক্ৰিকেটাৰ আছিল৷ ১৯৮২ চনৰ পৰা ১৯৮৯ চনলৈ ভাৰতীয় দলৰ হৈ ১৬খন টেষ্ট, ১৬খন এদিনীয়াত অংশ লয়। দীৰ্ঘ সময় পূৰ্বে ক্ৰিকেটৰ ফিল্ডৰ পৰা বিদায় লোৱা অৰুণ লালে জীৱনৰ আন এক ইনিংছ খেলিবলৈ সাজু।