গুৱাহাটীঃ প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সহকাৰী শিক্ষক অভিজিৎ বৰাই ইহলীলা সম্বৰণ কৰে বৃহস্পতিবাৰে পুৱা৷ দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত বৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে পুৱা ৫ বাজি ১৫ মিনিটত মৃত্যুক আকোৱালি লয়। অগ্ৰণী ক্ৰীড়া সংগঠক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক অভিজিৎ বৰাৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে প্ৰাক্তন নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি লাভ কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলো।