কোকৰাঝাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যৰ উদ্যোগত ৰাজ্যত অচিৰেই গঠিত হ’ব আন এটি অৰাজনৈতিক সংগঠনৰ। ইতিমধ্যে জিলাই জিলাই আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সভা অনুষ্ঠিত হৈছে আৰু জিলাভিত্তিক এখনকৈ সমিতি গঠিত হৈছে। বাকী থকা জিলাকেইখনতো প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত হ’ব আৰু এখনকৈ সমিতি গঠিত হ’ব। ইয়াৰ পিছতে গুৱাহাটীত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব আৰু প্ৰতিনিধি সভাৰ পিছতে জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰি নতুন অৰাজনৈতিক সংগঠনৰ জন্ম দিয়া হ’ব। এই মন্তব্য কৰিছে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায় আৰু প্ৰবীণ বড়োৱে।
কোকৰাঝাৰ সাহিত্য সভা ভৱনত আজি ড০ পৰেশ চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কোকৰাঝাৰ জিলা আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনত উপস্থিত থাকি নেতাদ্বয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰাক্তন আছু নেতা প্ৰবীণ বড়োৱে কয় যে নতুনকৈ গঠিত হ’বলগা সংগঠনটো মুলত চাৰিটা উদ্দেশ্য লৈ গঠিত হ’ব। মানৱীয়তা সম্পৰ্ক গঢ়ি তোলা, অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলা, ট্ৰাষ্ট গঠন কৰি অৰ্থনৈতিকভাৱে দুৰ্বল প্ৰাক্তন আছু কৰ্মীক সহায় কৰা আৰু জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটোৱেই হ’ব সংগঠনটোৰ মূল উদ্দেশ্য।
সংগঠনটোৱে ৰাজনীতিৰ উৰ্ধত থাকিব যদিও সকলো ৰাজনৈতিক দিশ আলোচনা কৰা হ’ব বুলি মন্তব্য কৰি প্ৰবীণ বড়োৱে কয় যে আমি যদিও ৰাজনীতিৰ সতে জড়িত থকা ব্যক্তি তৎসত্বেও অৰাজনৈতিক চিন্তা-চৰ্চাৰে সংগঠনটোক আগুৱাই লৈ যাম। সংগঠনৰ পতাকা, সংবিধান সম্পূৰ্ণ আছুতকৈ পৃথক হ’ব বুলিও মন্তব্য কৰিছে প্ৰবীণ বড়োৱে।
ইপিনে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ে কয় যে প্ৰাক্তন আছুসকলৰ অন্তৰত বহু দুখ-বেদনা আছে। মুল সমস্যাৰ কোনো সমাধান নহল, চুক্তিও ৰূপায়ন নহল। পুনৰাই একগোট হৈ জাতিৰ স্বাৰ্থত কাম কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। নতুনকৈ গঠন হ’বলগীয়া সংগঠনটো কোনো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ হ’বলৈ দিয়া নহব। ৰাজনৈতিক-অৰাজনৈতিক সকলো ক্ষেত্ৰতে প্ৰাক্তন আছুৰ প্ৰতিনিধিত্ব আছে। ৰাজনৈতিক ক্ষেত্ৰত ৫ শতাংশ প্ৰাক্তন আছু থকাৰ লগতে সকলো ক্ষেত্ৰতে প্ৰাক্তন আছু আছে।
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অভিবৰ্তনৰ প্ৰস্তুতি চলি আছে আৰু উক্ত অভিবৰ্তনত আমি প্ৰাক্তন আছু হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৃন্দাৱন গোস্বামীক মাতি আনি তেওঁলোকৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰিম বুলি মন্তব্য কৰিছে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ে। উল্লেখ্য যে, আজি কোকৰাঝাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত সভাত ড০ পৰেশ চন্দ্ৰ ৰায়ক কাৰ্যকাৰী সভাপতি আৰু উদয় কুমাৰ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপেলৈ প্ৰাক্তন আছুৰ সতীৰ্থ সন্মিলনৰ ৮৫জনীয়া কমিটি গঠন কৰা হয়। আজিৰ সভাত আছুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফণী পাঠক, কমলেশ ডেকা, নিৰঞ্জন নাথ, নজমুল হক, প্ৰদীপ ৰায় উপস্থিত থাকে।