প্ৰাক্তন আছুৰ নেতা-কৰ্মীসকল আজি পুনৰ একত্ৰিত হয় কামৰূপৰ ঐতিহাসিক ৰঙিয়া চহৰত৷ ৰঙিয়াস্থিত হৰদত্ত বীৰদত্ত ভৱনত প্ৰাক্তন সতীৰ্থসকলৰ সন্মিলনত প্ৰায় দুই শতাধিক নেতা-কৰ্মীৰ উপস্থিতিত অন্তৰংগ আলাপ সাধাৰণ সভা অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ নেতা কমলেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ বিভিন্ন প্ৰান্তৰ আছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন নেতাৰ লগতে কামৰূপ জিলাৰ প্ৰাক্তন ছাত্ৰ নেতাসকল উপস্থিত থাকে। সকলোৱে মত-বিনিময়ৰ কৰে৷ প্ৰাক্তন ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ প্ৰতিগৰাকী জ্যেষ্ঠ তথা কনিষ্ঠ প্ৰাক্তন সতীৰ্থৰ লগত সু-সম্পৰ্ক গঢ়ি তোলাৰ বাবে এখন সমিতি গঠন কৰা হয়। ফনীধৰ দাসক সভাপতি, প্ৰতাপ কলিতা আৰু অখিল কলিতাক কাৰ্যকৰী সভাপতি, আব্দুল গণিখান চৌধুৰী আৰু ৰাজীৱ মহন্তক সাধাৰণ সম্পাদক হিচাপে লৈ সমিতি গঠন কৰা হয়।