বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া খালৈগাঁও আঞ্চলিক ক্ৰীড়া প্ৰেমী যুৱ সমাজৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত চান পাৱাৰ ফুটবল ক্লাৱ চূড়ান্ত বিজয়ী হৈছে। খালৈগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ মঙলবাৰৰ ফাইনেলত চানপাৱাৰ ফুটবল ক্লাৱে জে বি ক্লাৱক টাইব্ৰেকাৰত ৪-৩ (০-০) গ’লত পৰাজিত কৰে।
ছেমি ফাইনেলত চান পাৱাৰে খালৈগাঁও চিলাৰায় ক্লাৱক আৰু জে বি ক্লাৱে মাজগাঁও ফুটবল ক্লাৱক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল। প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া তপন কুমাৰ দাস, সমাজকৰ্মী সৰুজ কোঁৱৰ, হৰেন বৰা, নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা, সমাজ সংগঠক পুলিন বৰদলৈ আদি উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে৷ উল্লেখ্য যে, এই অনুষ্ঠানতে ক্ৰীড়া সংগঠক তপন কুমাৰ দাসৰ তৰফৰ পৰা খেলুৱৈসকলক বিশেষ উপহাৰ আগবঢ়োৱা হয়৷