ৰঙিয়া/টীয়কঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশৰ পিছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চিআইডিয়ে অভিযান চলাই থকাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে৷
কামৰূপৰ ৰঙিয়াতো আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া হাইৱে চ’কত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি গোলোক ৰাজবংশী, ৰঙিয়া আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সোণজ্যোতি বৰুৱা আৰু সম্পাদক ভৱজ্যোতি ডেকাৰ উপস্থিতিত ছাত্ৰ সন্থাৰ সদস্য সকলে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ পিছত আৰক্ষীৰ উপ-পৰিদৰ্ৰশক পদসমূহৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত হোৱা খেলিমেলিৰ বাবে বহু নিবনুৱা যুৱক-যুৱতীৰ আশা ভংগ হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে।
চৰকাৰে শিক্ষিত নিবনুৱাক সংস্থাপন কৰাৰ সলনি নিবনুৱাৰ জীৱনক লৈ হেতালি খেলিছে বুলি ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে। টীয়কতো আজি বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰীৰ পূৰ্তিমূৰ্তি দাহ কৰে। টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু চুতীয়া জাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বিয়লি প্ৰতিবাদ সাব্যস্ত কৰে। জাতি মাটিৰ ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰে দল-সংগঠনে।প্ৰতিশ্ৰুতিসমূহ পুৰণ কৰিবলৈ আহ্বান জনাই অন্যথা ইয়াৰ প্ৰতিফল অহা বিধানসভা নিৰ্বাচনত নিশ্চয় অসমৰ ৰাইজে দিব বুলি হুংকাৰ প্ৰদান কৰে।