কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাঃ কলিয়াবৰৰ সাংস্কৃতিক কৰ্মী তথা প্ৰাথমিক শিক্ষা খণ্ডৰ গাণনিক বিৰিঞ্চি শইকীয়াৰ স্মৃতিত আজি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ প্ৰয়াত বিৰিঞ্চি শইকীয়াৰ কলিয়াবৰৰ বৰিগাঁওস্থিত বাসগৃহত অনুষ্ঠিত এখন স্মৃতিচাৰণ সভাত কলিয়াবৰ মহকুমাৰ মহকুমাহধিপতি পবিত্ৰ কুমাৰ দাসে স্মৃতি গ্ৰন্থ উন্মোচন কৰে৷ সভাত কলিয়াবৰ শিক্ষা খণ্ডৰ বিষয়া কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে, গুণমুগ্ধ, বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত থাকে। যোৱা ৪ মাৰ্চত কলিয়াবৰৰ সাংস্কৃতিক কৰ্মী তথা প্ৰাথমিক শিক্ষা খণ্ডৰ গাণনিক বিৰিঞ্চি শইকীয়াৰ অকাল বিয়োগ ঘটিছে৷ অকাল বিয়োগত কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়।