মাণিকপুৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ বিধ্বংসী খহনীয়াই কালৰুপ ধাৰণ কৰিছে বৰইচালাত। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু মানাহ নদীৰ বাঢ়নী পানী কমিব ধৰাৰ লগে লগে বৰইচালাত বিধ্বংসী খহনীয়া আৰম্ভ হৈছে।
কিন্তু অঞ্চলটো খহনীয়াৰ কবলত পৰাৰ পিছতো স্থানীয় বিধায়ক আব্দুল হাই নাগৰী তথা বঙাইগাঁও জিলা প্ৰশাসন কিম্বা জলসম্পদ বিভাগৰ কোনো বিষয়ববীয়া অঞ্চলটোত উপস্থিত হৈ এবাৰলৈও পৰিস্থিতিৰ বুজ নলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইফালে শনিবাৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে। সাংবাদিকৰ আগত আমছু নেতাগৰাকীয়ে চৰকাৰ, প্ৰশাসন তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।