নুমলীগড়ঃমৰঙি খণ্ড উন্নয়ন বিষয়াৰ সভা গৃহত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়টোৰ সৈতে সংগতি ৰাখি এখন সভাৰ আয়োজন কৰে৷ প্ৰধানমন্ত্ৰীৰ অনলাইন ভাষণৰ পূৰ্বে মৰঙি খণ্ড উন্নয়ন বিষয়া লোকনাথ দাসৰ সঞ্চালনাত কৃষক সকলৰ উন্নয়নৰ বাবে চৰকাৰী আচঁনিৰ সুফল, ব্যৱহাৰ আৰু ৰাজসাহায্য আদিৰ ওপৰত কৃষি উন্নয়ন বিষয়া সংঘমিত্ৰা শৰ্মাই কৃষক সকল আগত বিশদভাৱে অবগত কৰে৷ সভাত মৰঙি ৰাজহ চক্ৰ বিষয়া ডেভিদ কুমাৰ বৰাই কৃষক সকলক ভূমি সংক্ৰান্তীয় সমস্যা দুৰ কৰাৰ লগতে অনান্য সমস্যা সমূহ সমাধান কৰাৰ বাবে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে ৷ পাঁচ শতাধিক কৃষক ৰাইজৰ উপস্থিতিত মৰঙি জিলা পৰিষদৰ সদস্যা পূৰবী শৰ্মা, ১১ খন গাওঁ পঞ্চায়তৰ সভাপতি, ১১ আঞ্চলিক পঞ্চায়তৰ সদস্য, ১১০ ৱাৰ্ড সদস্যৰ উপৰি কেবাটাও চৰকাৰী বিভাগৰ বিষয়া উপস্থিত থাকে ৷ প্ৰধানমন্ত্ৰীৰ কৃষক নিধিৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ কৃষক সকলৰ লগত হোৱা প্ৰধানমন্ত্ৰীৰ পোনপটীয়া বাৰ্তালাপে কৃষক সকলক উৎসাহিত কৰা বুলি সমবেত কৃষকসকলে জানিবলৈ দিয়ে৷