টীয়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যাক জন্মদিন উপলক্ষে দেশজুৰি সেৱা সপ্তাহ হিচাপে পালন কৰিছে বিজেপিয়ে৷ সেৱা সপ্তাহৰ পঞ্চম দিনটোত যোৰহাট জিলা বিজেপিৰ কৰ্মীসকলে টীয়কৰ এফআৰইউত ৰোগী তথা গৰ্ভৱতী মহিলাসকলৰ মাজত ফল-মূল বিতৰণ কৰে৷ যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰ শইকীয়া, প্ৰাক্তন সভাপতি জিতু হাজৰিকা, সম্পাদিকা ৰুমী চেতীয়া, জিলা কৃষাণ মৰ্চাৰ সভাপতি ত্ৰলোক্য ভূঞা, কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া, যুৱ মৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্য উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ন কৰে৷