ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন উলপক্ষে শাসকীয় বিজেপি দলে এসপ্তাহ বিশেষ আয়োজন কৰিছে৷ চাফাই অভিযান, কেক কাটি বিশেষ ভাৱে বিজেপিৰ নেতা-কৰ্মীয়ে মোদীৰ ওপজা দিন পালন কৰিছে৷ চৰকাৰ তথা শাসকীয় বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন মহাধুমধামেৰে পালন কৰিছে৷ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ লগতে বিশ্বৰ বহু দেশৰ প্ৰধানৰ লগতে শাসকীয় দলৰ ডাঙৰ নেতাই প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰিছে৷
ছ’চিয়েল মিডিয়া যোগে প্ৰধানমন্ত্ৰীক কেইবালাখ লোকে ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ বহু ঠাইত ব্যাপক আনন্দ-উল্লাসেৰে ওপজা দিন পালন কৰি কেক কাটিছে মোদীৰ সমৰ্থক শুভকাংক্ষীয়ে৷ তাৰ মাজতে কেন্দ্ৰীয় বিজেপিয়ে এখন গ্ৰন্থ প্ৰকাশ কৰিছে৷ যিখন গ্ৰন্থত প্ৰধানমন্ত্ৰী মোদীৰ জীৱন-কৰ্মৰাজী আৰু প্ৰধানমন্ত্ৰী হৈ থকা কাৰ্যকালৰ বিষয়সমূহ সন্নিবিষ্ট হৈ আছে৷ আজি দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি জে পি নাড্ডাই এই ‘লৰ্ড অৱ দ্যা ৰেকৰ্ড’ নামৰ গ্ৰন্থখন উন্মোচন কৰিছে৷