ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবছাইট আৰু টুইটাৰ হেণ্ডেল হেক কৰাৰ বুলি বাতৰি পোৱা গৈছে৷ নিশা তিনিবজাত নৰেন্দ্ৰ মোদীৰ একাউণ্টৰ পৰা সাহায্য বিচাৰি কেইবাটাও টুইট কৰাত আশংকা কৰা হৈছিল হেক হোৱাৰ৷ তাৰ পিছতে টুইটাৰ কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা বুলি জানিবলৈ দিয়ে৷
বৃহস্পতিবাৰে নিশা ৩ বজাৰ পিছত প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্টাৰ পৰা কেইবাটাও টুইট কৰিছে ছাইবাৰ অপৰাধীয়ে৷ বেলেগ এক ব্যৱস্থাৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহায্য পুঁজিলৈ বৰঙণি বিচাৰিছিল৷ ভাৰতীয় টুইটাৰ কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট বৰ্তমান সুৰক্ষিত বুলি কয়৷ কৰ্তৃপক্ষই একাউণ্ট সুৰক্ষিত কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি কয়৷ ২০১১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নামত থকা টুইটাৰ একাউণ্টত ফ’লৱাৰ ২৬ লাখ৷