ডিজিটেল ডেস্ক : মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত বন্দুক লৈ প্ৰৱেশৰ চেষ্টা চলাওতেই এজন যুৱকক আটক কৰে আৰক্ষীয়ে৷ মোদীৰ সভাত বন্দুকসহ প্ৰৱেশৰ চেষ্টা চলাওতেই গেটতে নিৰাপত্তাৰক্ষীয়ে আটক কৰে যুৱকজনক৷
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি মোদীৰ সভাত বন্দুক লৈ প্ৰৱেশৰ চেষ্টা চলোৱা যুৱকজন বিজেপি কৰ্মী৷ প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত বন্দুক লৈ আহিছিল বুলি জনাইছে আৰক্ষীয়ে।পাছত বন্দুকৰ অনুজ্ঞাপত্ৰৰ পৰীক্ষা কৰাৰ লগতে যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা প্ৰহণ কৰি আৰক্ষীয়ে মুকলি কৰি দিয়ে যুৱকজনক৷