পুনৰ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ লবলগীয়া সভাৰ স্থান পুনৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ তথা আন আন উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত বিভিন্ন দিশৰ পৰ্যালোচনা কৰি প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৰাজ্যৰ ৭খন নতুন কৰ্কট চিকিৎসালয় উদ্বোধনৰ লগতে অন্য ৭খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়া ডিব্ৰুগড় জিলাৰ আয়োজনস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। উদ্বোধনী অনুষ্ঠান সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো বিষয়াক নিৰ্দেশনা প্ৰদান কৰাৰ লগতে প্ৰয়োজন অনুসৰি গ্ৰহণ কৰিব পৰা সকলো পদক্ষেপ বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ সৈতে তৰংগ গগৈ আৰু তেৰছ গোৱালাও উপস্থিত থাকে৷