গুৱাহাটীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যাক জন্মদিনটোত গুৱাহাটী মহানগৰীত বিজেপিয়ে কেইবাটাও কাৰ্যসূচী ৰূপায়ন কৰে৷ গুৱাহাটী কলাক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিয়ে আয়োজন কৰে শিল্পী সম্বৰ্ধনা সমাৰোহ৷ এই অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাস, মন্ত্ৰী নৱ কুমাৰ দলে, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, উপস্থিত থাকি নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাংগীণ উন্নয়নৰ এক ন-দিগন্তৰ সূচনা হৈছে বুলি দাবী কৰে তিনিও নেতাই। মোদীক জনগণৰ অতিকৈ আপোন বুলি দাবী কৰি কেইবাগৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰি শাসকীয় দলটোৰ নেতাসকলে শিল্পীসকলৰ সৈতে মত-বিনিময় কৰে।
হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বিজয়া ৰহটকাৰে। সংবাদমেল যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূয়সী প্ৰশাংসা কৰি কয়ে যে নৰেন্দ্ৰ মোদীয়ে জীৱনৰ সকলো কাম দেশৰ বাবে কৰিছে৷ প্ৰধানমন্ত্ৰীৰ ওপজা দিন উপলক্ষে সেৱা সপ্তাহ পালন কৰি বিশেষ ভাবে সক্ষম লোকক সহায়, গছপুলি ৰোপণ, ৰক্তদান আদি কৰিব বুলি কৈ অসমত এই সেৱা সপ্তাহ অতি সুন্দৰ ভাৱে পালন কৰা হৈছে বুলি কয়। নৰেন্দ্ৰ মোদীৰ দৰেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভাল কাম কৰিছে আৰু অসমত মহিলাসকলৰ বাবে যথেষ্ট কাম হৈছে।
পুনৰ এই দুজন নেতাই অসমত নিৰ্বাচনৰ ৰণত অৱতীৰ্ণ হোৱাৰ কথা বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বিজয়া ৰহটকাৰে সংবাদমেল যোগে স্পষ্ট কৰি প্ৰধান মন্ত্ৰীয়ে সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি কয়। যিসকলক সহায়ৰ প্ৰয়োজন সেইসকলক সহায় কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি বিভিন্ন কাৰ্সূচী ৰূপায়ন কৰি নৰেন্দ্ৰ মোদীয়ে যিখিনি সন্মান লাভ কৰিছে সেই সন্মান দেশৰ মহিলা, কন্যা, চাফাই কৰ্মীৰ লগতে নমামি গংগালৈ অৰ্পণ কৰা বুলিও কয় ৰহটকাৰে।