নিউয়ৰ্কঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসা আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ৷ আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ তুংগত উঠাৰ সময়তে ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী মোদীক ভূয়সী প্রশংসা কৰি কয়, ‘প্রধানমন্ত্রী মোদী এগৰাকী ভাল বন্ধু ৷ কাম কৰাটো সহজ নহয় যদিও তেওঁ অতি ভাল কাম কৰিছে৷’
উল্লেখ্য যে যোৱাবর্ষৰ ছেপ্ঢেম্বৰ মাহত হিউষ্টনত ‘হাউডী মোদী’ কার্যসূচীত প্রধানমন্ত্রী মোদীক প্রশংসা কৰাৰ প্রসংগ উত্থাপন কৰি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে পুনৰ মোদীক প্রশংসা কৰে৷ তাৎপর্যপূর্ণ যে চলিত বর্ষৰ ফেব্রুৱাৰী মাহত ভাৰত ভ্রমণলৈ অহাৰ সময়তো মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে মোদীক প্রশংসাৰে উপচাইছিল৷
ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ লোৱাৰ পূর্বে ট্রাম্প আৰু মোদী ভাৰতৰ আহমেদাবাদত মিলিত হৈছিল৷ প্রধানমন্ত্রী মোদীৰ সৈতে তেওঁৰ সম্পর্ক ঘনিষ্ঠ প্রসংগৰে অহা তিনি নৱেম্বৰত ৰাষ্ট্রপতি নির্বাচনত তেওঁৰ সপক্ষত ভাৰতীয় আমেৰিকানক ভোটদান কৰিবলৈ আহ্বান জনায় ট্রাম্পে৷