March 30, 2023, 5:48 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

প্ৰথম বিভাগত উত্তীৰ্ণ যোৰহাটৰ কংকিতা বৰাৰ আত্মহত্যাৰ ঘটনাৰ ৰাজ্যজুৰি চাঞ্চল্য

Reporter Name
  • Update Time : Sunday, June 7, 2020
  • 159 Time View

যোৰহাটঃ পৰীক্ষাৰ ফলাফল ঘোষণাৰ কেইটামান ঘণ্টাৰ পিছতে উজনি অসমৰ এগৰাকী মেধা ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে যোৰহাট জিলাৰ যোৰহাটৰ বাল্য ভৱনৰ ছাত্ৰী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী কংকিতা বৰাই ছিপ লৈ আত্মহত্যা কৰে৷ কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জয়া নগৰৰ কংকিতাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল৷ জীৱনৰ প্ৰথমটো প্ৰতিযোগিতামূলক জখলাত বিচৰা মতে সফল হ’ব নোৱাৰি কংকিতাই চূড়ান্ত সিদ্ধান্ত লোৱা বুলি চৰ্চা হৈছে৷

প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা কংকিতা বৰাই ৬৩শতাংশ নম্বৰসহ এটা বিষয়ত লেটাৰ লাভ কৰিছিল৷ প্ৰকৃততে কংকিতাই কিমান উন্নত ফলাফল আশা কৰিছিল সেই কথা জানিব পৰা হোৱা নাই৷ পৰিয়ালে এতিয়ালৈ কোনো কথা স্পষ্ট কৰা নাই৷ কংকিতাই পৰিয়ালৰ লোকে বিচৰা মতে ফলাফল কৰিব পৰা নাছিল নে নিজে বিচৰা ধৰা উন্নত ফলাফল কৰিব পৰা নাছিল সেই কথাও পোহৰলৈ অহা নাই৷ প্ৰকৃততে কাৰ চাপ আছিল কংকিতাৰ ওপৰত৷ যাৰ ফলত এগৰাকী মেধা ছাত্ৰীয়ে জীৱনৰ প্ৰথমটো প্ৰতিযোগিতামূলক জখলাত উঠিয়েই চূড়ান্ত সিদ্ধান্ত ল’ব লগা হ’ল৷ সন্দেহ কৰা মতে, কংকিতাৰ পৰা পৰিয়ালৰ লোকে অধিক উন্নত ফলাফল আশা কৰিছিল৷ পৰিয়ালে বিচৰা মতে ফলাফলত উপনীত হ’ব নোৱাৰাৰ বাবে চাপ পৰিছিল কংকিতাৰ ওপৰত৷ শনিবাৰে বিয়লি জয়া নগৰস্থিত নিজ ঘৰত ছিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে