কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ সুতাৰপাৰাত দেওবাৰে তেজেৰ লুতুৰি-পুতিৰি এগৰাকী মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ উক্ত কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে ঘটনাৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষীয়ে৷
সেয়া আছিল পৰিকল্পিত হত্যাকাণ্ড৷ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীসকলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। বিমলা বসুমতাৰী নামৰ নিৰীহ মহিলাগৰাকীক শিৰচ্ছেদ কৰি হত্যা কৰা ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা অভিযুক্ত কেইগৰাকী হ’লে ক্ৰমে বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰী, চিৰাং জিলাৰ ১ নং শান্তিপাৰাৰ গাঁৱৰ গাইডাং মুছাহাৰী(৪৮), বুথংগা বসুমতাৰী(৪৮)আৰু পুব টাৰাইবাৰী গাঁৱৰ ৰবীন বসুমতাৰী বুলি আৰক্ষীয়ে সদৰি কৰিছে।
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা মতে ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে। হত্যাৰ বলি হোৱা বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰীৰ স্বীকাৰোক্তি মৰ্মে আৰক্ষীয়ে সোমবাৰে কাহিলীপুৱাই বিমলা বসুমতাৰী ছিন্ন মুণ্ডটো ঘটনাস্থলীৰ পৰা কিছু আঁতৰত উদ্ধাৰ কৰে।
আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানৰ মতে ছাতিৰাম বসুমতাৰীয়ে তেওঁৰ দ্বিতীয় পত্নী বিমলা বসুমতাৰীক হত্যা কৰিবলৈ ঘাতকসকলক জনে প্ৰতি দহ হাজাৰ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল। সেইমতে ঘাতকসকলে চুক্তি অনুসৰি বিমলা বসুমতাৰীক খুকুৰীৰে শিৰচ্ছেদ কৰে আৰু কটা মুৰটো ঘটনাস্থলীৰ পৰা কিছু আঁতৰত পেলাই দিয়ে।
মুল অভিযুক্ত ছাতিৰাম বসুমতাৰীয়ে আৰক্ষীৰ সন্মুখত তেওঁৰ প্ৰথম পত্নীয়ে বেমাৰত ভূগি থকাৰ বাবে দ্বিতীয় পত্নীয়ে বেজালি কৰা বুলি ভাৱি হত্যা কৰিবলৈ মনস্থ কৰে আৰু সেইমতে ঘাতকৰ সতে ৩০ হাজাৰ টকাত চুক্তিবদ্ধ হয়। চুক্তি অনুসৰি ঘাতকে বিমলা বসুমতাৰীক হত্যা কৰে যদিও হত্যাকাণ্ডৰ সতে জড়িত থকা চাৰি অভিযুক্তকে গোচৰ নং ৩৬০/২০ অনুসৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি)/৩০১/৩০২ মৰ্মে গ্ৰেপ্তাৰ কৰিছে। তদুপৰি লকডাউন ভঙ্গ কৰি চিৰাংৰ পৰা কোকৰাঝাৰ অহাৰ অপৰাধতো গোচৰ ৰজু কৰা হ’ব বুলি আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সদৰি কৰিছে।