বেবেজীয়াঃ নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ পৰমাইভেটীস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান পৰমাইভেটী জাতীয় বিদ্যালয়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে । প্ৰতিষ্ঠা কালৰে পৰাই বৃহত্তৰ অঞ্চলজুৰি সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এই শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম বাৰৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ন হৈছিল । ইয়াৰে তিনিজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু ৮ জন ছাত্ৰ -ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰে বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।
উল্লেখ্য যে, বিশিষ্ট সমাজ সংগঠক তথা সমাজ সচেতন ব্যক্তি ডাঃ ৰিয়াজ উদ্দিনৰ আশাশুধীয়া প্ৰচেষ্টাত গ্ৰামাঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ নৱ প্ৰজন্মক সু-শিক্ষাৰে গঢ়ি তোলাৰ মহান লক্ষ্যৰে প্ৰতিষ্ঠা কৰা এই শিক্ষানুষ্ঠানখনৰ এনে সফলতাই সকলোকে উৎফুল্লিত কৰি তুলিছে ৷ আনকি, বিজ্ঞানৰ দৰে কঠিন পাঠ্যক্ৰমৰ পৰীক্ষাত এই শিক্ষানুষ্ঠানখনৰ পৰা ভিতৰুৱা গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এনে ফলাফলে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো নতুন উদ্যমৰ সৃষ্টি কৰিছে ৷ ইফালে, সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনক সমাজৰ আগত উজ্বলাই তোলা কৃতী ছাত্ৰ-ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।