শ্ৰীলংকাৰ লাওলোৱা অৱস্থা৷ খাদ্য-সামগ্ৰী তথা সাৰুৱা তেলৰ অত্যাধিক মূল্য বৃদ্ধিত হাহাকাৰ কৰিবলগীয়া হৈছে দেশখনৰ নাগৰিকে৷ তাৰ মাজতে শ্ৰীলংকাৰ বিত্তমন্ত্ৰী বাচিল ৰাজপাক্ষে ভাৰত ভ্ৰমণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অৰ্থনৈতিক অংশীদাৰীত্ব, ভাৰতৰ পৰা বিনিয়োগ বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে৷ আৰ্থিকভাৱে জুৰুলা হৈ পৰা শ্ৰীলংকাক সহায়ৰ হাত আগবঢ়াইছে ভাৰেত৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে ১ বিলিয়ন আমেৰিকান ডলাৰ ক্ৰেডিট লাইন স্বাক্ষৰিত কৰিছে। ভাৰতৰ দ্বাৰা সম্প্ৰসাৰিত সমৰ্থনৰ পেকেজৰ মুখ্য উপাদান হ’ব ক্ৰেডিট লাইন স্বাক্ষৰ৷ ভাৰতৰ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে টুইট কৰি কয় যে প্ৰথমে চুবুৰীয়া। ভাৰত শ্ৰীলংকাৰ সৈতে আছে। ১ বিলিয়ন আমেৰিকান ডলাৰ ক্ৰেডিট লাইন স্বাক্ষৰৰ দ্বাৰা ভাৰতে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব৷