প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে জলপথ সন্মিলন৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত ডিব্ৰুগড়ত অনুষ্ঠিত জলপথ সন্মিলন দেশৰ বিভিন্ন প্ৰান্তৰ জলপথেৰে ব্যৱসায় কৰা ব্যৱসায়ী তথা উচ্চপদস্থ বিষয়াই অংশ লয়৷ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি দুপৰীয়াৰ ভাগত এই সন্মিলন মুকলি কৰে৷ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত জলপথ সন্মিলন ২০২২-ত বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে৷ জলপথৰ জৰিয়তে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ উপায় আৰু সুযোগ-সম্ভাৱনা সন্দৰ্ভত সন্মিলনত সবিস্তাৰে আলোচনা হ’ব। এই সন্মিলনত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধিয়ে অংশ লয়৷ নদী পথৰ সংযোগ যোগে অসমৰ সৈতে চুবুৰীয়া ৰাজ্য আৰু দেশৰ সৈতে ব্যৱসায় কৰাৰ বাবে এই সন্মিলনত গুৰুত্ব প্ৰদান কৰা হ’ব৷