March 22, 2023, 1:13 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

প্ৰথমবাৰৰ অনুষ্ঠিত কামৰূপ জিলা দিৱসৰ সফল সামৰণি, তথ্যচিত্ৰ ‘কামৰূপ এক অনিৰুদ্ধ যাত্ৰা’ মুকলি

Reporter Name
  • Update Time : Sunday, April 3, 2022
  • 102 Time View

পংকজ নাথঃ প্ৰথমবাৰৰ বাবে আয়োজিত কামৰূপ জিলা দিৱস-২০২২ৰ আজি সফল সমাপ্তি ঘটে। শেষ দিনটোৰ কাৰ্যসূচীৰে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ মুখৰিত হৈ পৰে৷ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানে মুহিত কৰে কেইবা শ লোকক৷ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলা দিৱসৰ আজি অন্তিম দিনটোত বৰ্ণিল কাৰ্যাসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে৷ আজি অন্তিম দিনটোত জিলাখনৰ বিভিন্ন দিশ সামৰি যুগুতোৱা তথ্যচিত্ৰ ‘কামৰূপ-এক অনিৰুদ্ধ যাত্ৰা’ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ তথ্যচিত্ৰখন মুকলি কৰি সাংসদ ভুৱনেশ্বৰ কলিতাই জিলা দিৱসৰ অনুষ্ঠানত জিলাখন সন্দৰ্ভত তথ্যচিত্ৰ প্ৰস্তুত কৰাত জিলা প্ৰশাসনৰ শলাগ লয়৷ আগন্তুক দিনত জিলাখন সকলো ক্ষেত্ৰতে আদৰ্শ জিলাৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ আজি শিক্ষা বিভাগে অনুষ্ঠিত কৰা এক সভাত জিলাখনৰ শ্ৰেষ্ঠ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটসমূহক বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক খগেন তালুকদাৰে আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ পৰেশ বৈশ্যই৷ আজিৰ অন্য এক আকৰ্ষণীয় অনুষ্ঠান দৰ্শক কুইজ প্ৰতিযোগিতা৷ বিশিষ্ট কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা মনোগ্ৰাহী দৰ্শক কুইজ প্ৰতিযোগিতাত ভাগ লৈ উপস্থিত সকলোৱে উপকৃত হয় আৰু আনন্দ লাভ কৰে৷ কথাছবি প্ৰদৰ্শন শিতানত সোণৰ বৰণ পখী আৰু নিষিদ্ধ নদী কথাছবি প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে বিশিষ্ট কণ্ঠশিল্পী নেকিব হুছেইনৰ গীতৰ শৰাই আৰু বিশিষ্ট নৃত্য বিশাৰদ হেমন্ত কুমাৰ কলিতাৰ কথক নৃত্য পৰিবেশন কৰা হয়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে