ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ আৰক্ষীয়ে ১০ জুনত জুম্মা নামাজৰ পিছত প্ৰয়াগৰাজত হোৱা হিংসাত্মক ঘটনাৰ মাষ্টাৰমাইণ্ডক আটক কৰিছে। আৰক্ষীয়ে কয় যে AIMIMৰ সৈতে জড়িত কিছুসংখ্যক লোকৰ নাম পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাৰ মাষ্টাৰমাইণ্ড জাভেদ আহমেদক জিম্মাত লোৱা হৈছিল। উল্লেখ্য যে বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদক অপমান কৰি কৰা মন্তব্যৰ পিছতে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ নুপুৰ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদ বৰ্তমানেও অব্যাহত আছে৷ প্ৰয়াগৰাজত প্ৰতিবাদৰ সময়ত প্ৰতিবাকাৰীয়ে আৰক্ষীলৈ শিল নিক্ষেপ কৰিছিল৷ আৰক্ষীয়ে জনোৱা অনুসৰি আৰক্ষীলৈ শিল নিক্ষেপ কৰিবলৈ প্ৰতিবাদকাৰীয়ে নাবালক শিশুক ব্যৱহাৰ কৰিছিল। ঘটনা সন্দৰ্ভত ২৯ টা গুৰুত্বপূৰ্ণ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল।
আৰক্ষীৰ মতে, ঘটনাত জড়িতসকলৰ বিৰুদ্ধে গেংষ্টাৰ আইন আৰু এনএছএ-ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে জনোৱা অনুসৰি AIMIMৰ কিছুসংখ্যক লোকৰ নাম পোহৰলৈ আহিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহ কৰি আছো। প্ৰয়াগৰাজৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি হিংসাত জড়িত ৭০ জনৰ নাম পোহৰলৈ আহিছে আৰু ৫,০০০ তকৈও অধিক প্ৰতিবাদৰ সময়ত আছিল। তেওঁলোকৰ বিৰুদ্ধে গেংষ্টাৰ আইন আৰু এনএছএৰ অধীনত ব্যৱস্থা লোৱা হ’ব।