ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ সংগীতজ্ঞ এছ পি বালাসুব্ৰমণিয়ামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে এছ পি বালাসুব্ৰমণিয়ামৰ দুৰ্ভাগ্যপূৰ্ণ মৃত্যুত আমাৰ সাংস্কৃতিক পথাৰত বৃহৎ ক্ষতি৷ সমগ্ৰ ভাৰতত এটা ঘৰুৱা নাম৷ তেওঁৰ মধুৰ কণ্ঠ, আৰু সংগীত দশক ধৰি মন্ত্ৰমুগ্ধ কৰিছে৷ দুখৰ এই সন্ধিক্ষণত মোৰ বিচাৰ পৰিয়াল আৰু প্ৰশাসনৰ প্ৰতি আছে৷ ওম শান্তি৷
সুখ্যাতিসম্পন্ন সংগীতজ্ঞ শুকুৰবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিথযশা গীতিকাৰ, সংগীত পৰিচালক, গায়ক এছ পি বালাসুব্ৰমণিয়ামে। ১৯৪৬ চনৰ ৪ জুনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে ১৬ টা ভাষাত ৪০ হাজাৰতকৈও অধিক গীতত কণ্ঠ নিগৰাইছিল। বিগত কিছুদিন পূৰ্বে তেওঁৰ শ্বাস প্রশ্বাসত কষ্টজনিত কাৰণত চিকিৎসালয়ত ভৰ্তিকৰা হৈছিল। বৃহস্পতিবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। চিকিৎসকৰ অহৰহ প্ৰচেষ্টাৰ পিছতো অৱশেষত আজি শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।