জয়ন্ত মুদৈ, বেবেজীয়াঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ১৬, ১৭ আৰু ১৮ মে’ত অনুষ্ঠিত হ’বলগীয়া ৩৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু মুকলি সভা সাম্প্ৰতিক সময়ৰ প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য কৰি সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে এক বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিছে৷ পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত উল্লেখ কৰে যে যোৱা কিছুদিন ধৰি অসম আৰু মেঘালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী শিলচৰৰ মাজৰ ৰে’ল চলাচল ৰে’লৱে কৰ্তৃপক্ষই বাতিল কৰাৰ বিপৰীতে পথৰ যাতায়ত সুচল নোহোৱাত জিলা কৰ্মচাৰী পৰিষদ আৰু আন কৰ্মচাৰী সংগঠন সমূহৰ প্ৰতিনিধি অধিবেশনলৈ অহাযোৱা কৰাত নিশ্চিতভাবে সমস্যাৰ সন্মুখিন হোৱাৰ পৰিপ্ৰেক্ষিতত অধিবেশনখন সাময়িকভাবে স্থগিত ৰখা হৈছে৷