বিশিষ্ট সাহিত্যিক বিজনলাল চৌধুৰীৰ বিয়োগ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ‘বিদ্ৰোহী কবি’ প্ৰসন্নলাল চৌধুৰীৰ পুত্ৰ বিজনলাল চৌধুৰী। বামপন্থী চিন্তাধাৰাৰে সামাজিক কাম-কাজ কৰা লেখক বিজনলাল চৌধুৰীৰ বৰপেটা মেডিকেল কলেজ হস্পিতালত মৃত্যুবৰণ৷ বিজনলাল চৌধুৰী কোভিডত আক্ৰান্ত হৈ অসুস্থ হৈছিল৷ মঙলবাৰে পুনৰ অসুস্থ হৈ পৰাত হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৪০ চনৰ ২৬ আগষ্টত ডিব্ৰুগড়ৰ আমোলাপট্টিত জন্মগ্ৰহণ কৰিছিল চৌধুৰীয়ে। জৰুৰীকালীন অৱস্থাত ১৯ মাহ কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল৷ ৰাজ্যত ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীক নেতৃত্ব প্ৰদান কৰা এগৰাকী নেতা৷ ভাৰতীয় গণনাট্য সংঘৰ সৈতেও জড়িত আছিল৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিজনলাল চৌধুৰীৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰে৷ নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি, নতুন পৃথিৱীৰ প্ৰাক্তন সম্পাদক প্ৰগতিশীল সাহিত্যিক চৌধুৰীৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি। সাপ্তাহিক নীলাচলৰ যোগেদি সংবাদ জগতত প্ৰৱেশ কৰি নতুন দৈনিক কাকতত বৰপেটাৰ সংবাদদাতা আছিল৷