বিশ্বনাথৰ পৰা জোনমণি বেগমঃ আজি বিশ্বনাথ জিলা বিজেপিয়ে আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ উন্মোচন কৰে। বিশ্বনাথত অনুষ্ঠিত এখন সংবাদ মেলত সমষ্টিটোৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ বিজেপিৰ সভাপতি আৰু সম্পাদক উপস্থিতিত সংকল্প পত্ৰ উন্মোচন কৰা হয়৷ আমি ইস্তাহাৰৰ পৰিৱৰ্তে সংকল্প পত্ৰ বুলি এই কাৰণেই কৈছো যে আমি নিৰ্বাচনৰ পিছত এই পত্ৰত থকা কামখিনি কৰাৰ সংকল্প লৈছো বুলি কয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। প্ৰতিখন চহৰৰ আন্তঃগাঁথনিৰ উন্নয়ন, সপ্তাহটোৰ প্ৰতিটো ঘণ্টাই পানী যোগান, নগৰ অঞ্চলৰ ভূমি আৱণ্টন পোৱা আৰু নোপোৱা লোকৰ প্ৰিমিয়াম কমাই দিয়া, পৌৰসভা এলেকাত আৱৰ্জনাৰ সুব্যৱস্থাপনা কৰা, নগৰ অঞ্চলৰ সু-মাষ্টাৰ প্লেন প্ৰস্তুত কৰা, ষ্ট্ৰীট লাইট আৰু আলোকসজ্জা, ট্ৰেফিক ব্যৱস্থাপনা, পাৰ্কিং আৰু আস্থানৰ সুবিধা, উদ্যান, খেলপথাৰ প্ৰতিষ্ঠা, কৃত্ৰিম বানৰ পৰা মুক্ত চহৰকে ধৰি ৪টা দিশত কাম কৰাৰ সংকল্প লৈছে।