ব্যাপক প্ৰচাৰৰ অন্তত আজি পুৱাৰে পৰা আৰম্ভ হোৱা পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আবেলি ৫ বজাত অন্ত পৰে। চহৰ-নগৰৰ ভোটাৰে ব্যাপক হাৰত ভোটদান কৰি অন্ত পেলালে ভোটগ্ৰহণ। পৌৰসভা নিৰ্বাচনত অসমত প্ৰায় ৭০ শতাংশ ভোটদান হয়৷ সাধাৰণ নিৰ্বাচনৰ দৰেই ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল। আজি পুৱাৰে পৰা ২৪ খন জিলাৰ ৮০খন পৌৰসভাৰ ৯৭৭টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হয়। অঞ্চল বিশেষে সামান্য বিক্ষিপ্ত ঘটনা সংঘটিত হয় দিও ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায় বুলিয়েই ক’ব পাৰি৷ ভোটগ্ৰহণৰ অন্ত পৰাৰ লগে লগে ৮০খন পৌৰসভাত ২,৫৩২ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হয়। ২০৪৫টা কেন্দ্ৰত ভোটদান সম্পন্ন হয়। ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে ৬০টা ৱাৰ্ডত জয়ী হৈছে।