March 29, 2023, 3:05 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পেলনীয়া প্লাষ্টিকেৰে দুধনৈত বহু কেইটা পথ নিৰ্মাণ, এইবাৰ নিৰ্মাণ হ’ব ঘাইপথ-শিয়ালমাৰী পথ

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 160 Time View

দুধনৈঃ পেলনীয়া প্লাষ্টিকে পৰিৱেশ প্ৰদূষিত কৰাৰ অভিযোগ নতুন নহয়৷ প্লাষ্টিকে যথেষ্ট পৰিমাণে পৰিবেশ প্ৰদূষিত কৰাৰ লগতে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তেনে সময়তে পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰি মানৱ সমাজক ভয়াবহ বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাইছে ৰাজ্যৰ গড়কাপ্তানী বিভাগে৷ বিভাগটোৱে নতুন কাৰিকৰী পদ্ধতি অৱলম্বন কৰাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দুধনৈ বিধানসভা সমষ্টিত যোগাযোগ ব্যৱস্থাৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হৈছে৷

ইতিমধ্যে পেলনীয়া প্লাষ্টিকেৰে দুধনৈ সমষ্টিত বহু কেইটা পথ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে৷ পুনৰ ২০১৮-১৯ বৰ্ষৰ পঞ্চম বিৰ্ত্তীয় আয়োগৰ পুঁজিৰে দুধনৈ সমষ্টিৰ মাখিপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ-শিয়ালমাৰী পথ ১৩০০ মিটাৰ দৈৰ্ঘৰ পথটো পেলনীয়া প্লাষ্টিকেৰে উন্নীতকৰণ কৰা হ’ব৷ নিৰ্মাণকাৰ্যৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক দীপক কুমাৰ ৰাভাই৷

৩৪ লাখ ৭২ হাজাৰ টকা ব্যয় সাপেক্ষে পুনঃনিৰ্মাণ কৰিব লগা পথটো বিটুমিনৰ লগতে পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব বুলি বিধায়কজনে জানিবলৈ দিয়ে৷ ফলত পথটোৰ আয়ুস আন পথতকৈ যথেষ্ট বেছি হ’ব বুলিও কয় বিধায়কজনে৷ পথ শুভাৰম্ভ অনুষ্ঠানত দুধনৈ গড়কাপ্তানী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পৰশমণি ঠাকুৰীয়া, কনিষ্ট অভিযন্তা উৎপল খাখলাৰী, বিশিষ্ট সমাজকৰ্মী গৌৰীশংকৰ ৰাভাৰ লগতে স্থানীয় বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে