ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত প্ৰায়ভাগ লোকেই আগতকৈ অধিক চৰ্বিযুক্ত হৈ পৰিছে। চৰ্বিযুক্ত খাদ্য খোৱা, অযথা চাপত থকা, নিয়মীয়াকৈ ব্যায়াম নকৰা ইত্যাদিয়েই হৈছে মেদবহুলতাৰ কাৰণ। ফলস্বৰূপে মেদবহুলতাৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। সেয়ে মানুহে ওজন হ্ৰাস কৰাৰ কাৰ্যকৰী ব্যৱস্থাৰ সন্ধানত আছে। যেতিয়া আপোনাৰ শৰীৰত ক্ষতিকাৰক পৰিমাণৰ চৰ্বি জমা হয় তেতিয়াই আপুনি হৈ পৰে মেদবহুলতাৰ চিকাৰ। মেদবহুলতা হ্ৰাস কৰাৰ বহুতো উপায় আছে, কিন্তু যদি আপুনি ওজন হ্ৰাস কৰাৰ প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰে, তেনেহ’লে প্ৰাকৃতিক উপায়েৰে ওজন হ্ৰাস কৰাৰ লগতে এক স্বাস্থ্যসন্মত ক্ষীণ আৰু ফিট শৰীৰ আপুনি লাভ কৰিব পাৰে। পেটৰ চৰ্বিয়ে আপোনাৰ শৰীৰটোক এক বেয়া দেখা কৰি পেলায়। পেটৰ চৰ্বি হৈছে এনে এক উপহাৰ যি আমাক আমাৰ বেয়া জীৱনশৈলী আৰু ভুল আহাৰৰ বাবে প্ৰদান কৰে। ই কেৱল আপোনাৰ ভাবমূৰ্তিকেই কলুষিত নকৰে, বৰঞ্চ স্বাস্থ্যজনিত বহু ৰোগৰ বাবে আপোনাৰ বিপদাশংকা বৃদ্ধি কৰে। আপোনাৰ পেটৰ চাৰিওফালে জমা হোৱা চৰ্বি হ্ৰাস কৰাৰ বাবে কিছুমান ঘৰুৱা প্ৰতিকাৰ আপুনি গ্ৰহণ কৰিব পাৰে। চৰ্বি কমোৱাৰ বাবে তলত কেইবাটাও ঘৰুৱা দিহা দিয়া হ’ল-
বগা চাউলৰ পৰা আঁতৰি থাককঃ বগা চাউলৰ সলনি আপুনি ঘেঁহুৰ সামগ্ৰী খাদ্য হিচাপে গ্ৰহণ কৰক। আপোনাৰ খাদ্য তালিকাত মুগা চাউল, মুগা পিঠা, সম্পূৰ্ণ শস্য, ওটচ আৰু কুইনোৱা অন্তৰ্ভুক্ত কৰিব পাৰে।মিঠা বস্তু পৰিহাৰ কৰকঃ মিঠাই, মিঠা পানীয় আৰু তেলেতীয়া খাদ্যৰ পৰা আঁতৰি থাকক। এই খাদ্যগ্ৰহণ কৰিলে আপোনাৰ শৰীৰৰ বহু স্থান যেনে পাকস্থলী আৰু উৰুৰ চাৰিওফালে চৰ্বি বৃদ্ধি হ’ব পাৰে।
যথেষ্ট পৰিমাণে পানী খাওকঃ যদি আপুনি আপোনাৰ ওলমি থকা পেটৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, দৈনিক পৰ্যাপ্ত পানী খাওক। নিয়মীয়া ব্যৱধানৰ পিছত পানী খোৱাটোৱে আপোনাৰ বিপাক বৃদ্ধি কৰাৰ লগতে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰিব।
কেঁচা নহৰু খাওকঃ প্ৰতিদিনে পুৱা দুইৰ পৰা তিনিটা নহৰুৰ কোঁহ চোবাওক আৰু তাৰ পিছত এগিলাচ নেমু পানী খাওক। এই কাৰ্যই আপোনাৰ ওজন হ্ৰাস প্ৰক্ৰিয়া দুগুণ কৰিব আৰু আপোনাৰ শৰীৰৰ ৰক্ত সঞ্চালন মসৃণ কৰিব।
আমিষ খাদ্য পৰিহাৰ কৰকঃ পেটৰ চৰ্বি আঁতৰাবলৈ, যিমান সম্ভৱ আমিষ খাদ্য পৰিহাৰ কৰা উচিত।
ফল আৰু পাচলি খাওকঃ পুৱা আৰু সন্ধিয়া দৈনিক ফল খাব। ই আপোনাক এণ্টিঅক্সিডেণ্ট, খনিজ আৰু ভিটামিনেৰে ভৰাই তুলিব।
আপোনাৰ খাদ্যত মচলা যোগ দিয়কঃ আপোনাৰ ৰন্ধনত ডালচেনি, আদা আৰু জালুকৰ দৰে মচলা ব্যৱহাৰ কৰক। এই মচলাবোৰ স্বাস্থ্যৰ বাবে ভাল। এইবোৰে আপোনাৰ ইনচুলিন প্ৰতিৰোধ উন্নত কৰাত আৰু আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব।
দিনটো নেমুৰ ৰসেৰে আৰম্ভ কৰকঃ পেটৰ চৰ্বি আঁতৰ কৰাৰ বাবে এয়া হৈছে এক সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ। এগিলাচ গৰম পানীত অলপ নেমুৰ ৰস যোগ দিয়ক আৰু ইয়াত অলপ নিমখ দিয়ক। আপোনাৰ বিপাক বৃদ্ধি কৰিবলৈ আৰু চৰ্বিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে পুৱা ইয়াক পান কৰা অব্যাহত ৰাখক।