পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ পিছত নৰেন্দ্ৰ মোদীয়ে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে এইখন চৰকাৰ জনতাৰ বাবে আৰু মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই মুখ্য কাম বুলি কয়৷ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ বাবে মূল কাম হৈছে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰা। নাগৰিকৰ স্বাৰ্থ সদায়, প্ৰথম। ইন্ধনৰ মূল্য হ্ৰাস হোৱাত বহু খণ্ডৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব আৰু সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ সকাহ আনিব। আজি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰতি লিটাৰ পেট্ৰলত ৯ টকা ৫০ পইছা আৰু ডিজেলট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধা লৈছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ইন্ধনৰ দাম হ্ৰাস পালে। আনহাতে ৰন্ধন গেছৰ চিলেণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। এটা চিলিণ্ডাৰত ২০০ টকাকৈ হ্ৰাস হ’ব পাৰে বুলি জানিব পৰা গৈছে।