বঙাইগাঁওঃ বঙাইগাৱঁত আক্ৰাছুৰ সংবাদমেল৷ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাছুৰ৷ কে এ চি লৈ সন্তুষ্ট নহয় আক্ৰাছুৰ কৰ্মেশ্বৰ গোটে৷
কোচ ৰাজবংশী জনোগষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুয়ে দীৰ্ঘদিনীয়া যি দাবী আছিল তাৰ পৰা বিচলিত নহয় ৷ পৃথককমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত সৰৱ হৈ পুণৰ ৰাজপথত নামিব আক্ৰাছু ৷ৰাজবংশী সকলক বাৰে বাৰে চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ ৷
আগন্তক বিধান সভা নিৰ্বাচনত আক্ৰাছুৱে বি জে পি চৰকাৰক এশিকনি দিয়াৰ হুংকাৰ৷ অহা ২১ ছেপ্তম্বৰত প্ৰতিখন জিলা/মহকুমাত তিনি ঘন্টা অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ কৰিব আক্ৰাছুয়ে ৷