March 26, 2023, 1:06 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পৃথকীকৰণৰ নীতি নিৰ্দেশনা উলংঘা কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ অভিযোগৰ আঙুলি দেৱব্ৰত শইকীয়াৰ

Reporter Name
  • Update Time : Saturday, June 13, 2020
  • 155 Time View

নাজিৰাঃ যোৱা দুদিন আগত তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ প্ৰভাৱত পৰা বাঘজান অঞ্চলটো পৰিভ্ৰমণ কৰিবলৈ যোৱা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সৈতে একেলগে উপস্থিত থকা ৰামেশ্বৰ তেলী ডাঙৰীয়াই ৰাইজৰ স্বাস্থ্যক আওকাণ কৰি এক সাংঘাটিক ঘটনা সংঘটিত কৰিলে।

কিয়নো তেখেতে এই ঘটনাৰ মাত্ৰ দুদিন আগত দিল্লীৰ পৰা অসমলৈ আহিছিল আৰু চৰকাৰে বান্ধি দিয়া পৃথকীকৰণৰ নীতি নিৰ্দেশনা উলংঘা কৰি মাত্ৰ দুদিন পৃথকীকৰণ কেন্দ্ৰত উপস্থিত থাকি উক্ত আনুষ্ঠানিক পৰিদৰ্শনত অংশগ্ৰহণ কৰিছিল। তেতিয়ালৈ তেখেতৰ ক’ভিড১৯ সম্বন্ধীয় স্বাস্থ্য পৰীক্ষাৰ ফলাফল ও অহা নাছিল। মোৰ প্ৰশ্ন যে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া পৃথকীকৰণৰ নীতি নিৰ্দেশনা উলংঘা কৰা মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ তেলী ডাঙৰীয়াৰ ওপৰত চৰকাৰ আৰু প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নে শাসকীয় পক্ষৰ হোৱাৰ বাবে তেখেতৰ ৭ খুন মাফ হ’ব?

ইয়াৰ উপৰিও ৰাজ্যৰ মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই মিডিয়াৰ আগত ডাঙৰ ডাঙৰ ঘোষণা কৰি আহিছে যে, পৃথকীকৰণৰ নিয়ম উলংঘা কৰা সকলৰ ওপৰত চৰকাৰে কঠোৰ ভাৱে অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিব, গতিকে মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মোৰ অনুৰোধ, তেখেতে অতিশীঘ্ৰে পৃথকীকৰণৰ নিয়ম উলংঘা কৰি ৰাইজৰ মাজত সংমিশ্ৰণ হোৱা কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰে যেন।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে